অসম আৰক্ষীৰ বাবে আজি এটা অতি গৌৰৱৰ দিন। শান্তি আৰু যুদ্ধ উভয় ক্ষেত্ৰতে ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্রমী সেৱাৰ স্বীকৃতি স্বৰূপে আজি অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্রদান কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
তদুপলক্ষে অসম আৰক্ষী তথা অসম চৰকাৰে আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানতে অসম আৰক্ষীৰ জোৱান সকলে অংশ লব পেৰেডত। উল্লেখ্য যে, অসম হৈছে ৰাষ্ট্ৰপতিৰ নিচান সন্মান লাভ কৰা নৱমখন ৰাজ্য।