গুৱাহাটীসহ নামনি অসম আৰু বড়োলেণ্ডৰ ৪০টা সমষ্টিত আজি পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।
প্ৰথম পৰ্যায়ৰ (২৭ মাৰ্চ) আৰু দ্বিতীয় পৰ্যায়ৰ (১ এপ্ৰিল) ভোটগ্ৰহণৰ পিছত আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪০টা সমষ্টিৰ নিৰ্বাচন অতিকে গুৰুত্বপূৰ্ণ বিজেপি আৰু কংগ্ৰেছৰ বাবে।
আজিৰ ভোটগ্ৰহণত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পাঁচগৰাকী কেবিনেট সতীৰ্থ আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসৰ ভাগ্য নিৰ্ধাৰণ হ’ব।
ইফালে পুৱা ১১.৩০ বজালৈ ৰাজ্যৰ ভোটকেন্দ্ৰসমূহত ৩৩.১৮ শতাংশ ভোটদান সাব্যস্ত।
৪১.০৯ শতাংশৰে বিজনীৰ ভোটদানৰ হাৰ অধিক আৰু ২৫.৯৫ শতাংশৰে ভোটদানৰ হাৰ কম উত্তৰ শালমৰাত।
৪০ সমষ্টিৰ ভিতৰত জালুকবাৰী সমষ্টিত ৩২ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।
লগতে জনিয়া আৰু হাজোত ৩৪ আৰু ৪০.২০ শতাংশ ভোটদান সাব্যস্ত।
আজি ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহ হৈছে –মানকাচৰ, ধুবুৰী, গোলকগঞ্জ, বিলাসীপাৰা পূব, গোৱালপাৰা পশ্চিম, গোসাইগাঁও, কোকৰাঝাৰ(পূব), বিজনী, ভবানীপুৰ, বৰমা, বঙাইগাঁও, অভয়াপুৰী(দক্ষিণ), বৰপেটা, বাঘবৰ, চেঙা, দুধনৈ, ছয়গাঁও, হাজো, দিছপুৰ, গুৱাহাটী(পূব), গুৱাহাটী(পশ্চিম), দক্ষিণ শালমৰা, গৌৰীপুৰ, বিলাসীপাৰা(পশ্চিম), গোৱালপাৰা(পূব), জলেশ্বৰ, কোকৰাঝাৰ(পশ্চিম), চিদলী. সৰভোগ, তামুলপুৰ, চাপাগুৰি, অভয়াপুৰী(নৰ্থ), পাটাছাৰকুচি, জনিয়া, সৰুক্ষেত্ৰী, ধৰ্মপুৰ, বকো, পলাশবাৰী, জালুকবাৰী, বৰক্ষেত্ৰী।
Photo: Headline8