অসমৰ প্ৰসিদ্ধ শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ, তথা জালুকবাৰীৰ সুন্দৰবৰীস্থিত অসম শিশু কল্যাণ সদনৰ প্ৰাক্তন সভাপতি ড০ বিনয় কুমাৰ তামুলীৰ মৃত্যু বাৰ্ষিকী ১৪ জুনত অসম শিশু কল্যাণ সদনত উদযাপন কৰা হয়। এই উপলক্ষে সদনৰ আবাসী শিশু সকলৰ বাবে সদনৰ প্ৰেক্ষাগৃহত “শৈক্ষিক দিশ সম্পৰ্কে” এক আলোচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় l অনুষ্ঠানত ভাষণ আগবঢ়াই অসম শিশু কল্যাণ সদনৰ উপ সভাপতি দেৱজিৎ ভূঞা, অধীৰ চন্দ্ৰ দাস আৰু সদস্যা মণিৰূপা মিশ্ৰই।
অনুষ্ঠানত শিক্ষা ক্ষেত্ৰৰ বিভিন্ন দিশৰ কথা বিস্তৃত ভাৱে আলোচনা কৰাৰ উপৰিও আৱাসী শিশু সকলক শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা ব্যাখ্যা কৰে। সদনৰ শিশু সকলৰ মাজত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত প্ৰাইমাৰী স্কুল পৰ্য্যায়ত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে – সৰস্বতী দাস, মনোৱাৰা বেগমে । তৃতীয় স্থান লাভ কৰে। পুনম দাস, চেহনাজ বেগম আৰু পুতি বৰ্মনে । মাধ্যমিক আৰু হাইস্কুল পৰ্য্যায়ত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত যুটীয়া ভাবে প্ৰথম পুৰস্কাৰ লাভ কৰে ক্ৰমে – দীপাঞ্জলী দাস আৰু দীপশিখা দাসে, দ্বিতীয় স্থান লাভ কৰে পদুমী কলিতা আৰু তৃতীয় স্থান লাভ কৰে দীপশিখা বৰকাকতী, চয়নিকা শইকীয়া, ৰিচা বড়ো আৰু শেৱালী শইকীয়াই। অনুষ্ঠানত সদনৰ অধীক্ষিকা পাপৰী নাথ, পৰামৰ্শ দাতা সোণমণি বসুমতাৰী, কেছ ৱৰ্কাৰ প্ৰেৰণা মজুমদাৰৰ লগতে সদনৰ সমূহ বিষয়ববীয়া আৰু কেবাগৰাকীও শুভাকাংক্ষী উপস্থিত থাকে ।