NIA ৰ সকলো গোচৰৰ পৰা দোষমুক্ত হৈ মুকলি আকাশৰ তললৈ আহিয়েই অখিল গগৈয়ে আৰম্ভ কৰিছে ৰাজনৈতিক সক্ৰিয়তা। বিজেপি বিৰোধী যুঁজখন অধিক তীব্ৰতৰ হোৱাৰ ইংগিত দি আজি শিৱসাগৰ যাত্ৰাৰ মাজতে নগাঁওত তেওঁ সাংবাদিকৰ সন্মুখত কয় – -“২০২৬ত অসম বিজেপিমুক্ত হ’ব।২০২৬ত অসমত এখন নতুন চৰকাৰ গঠন হ’ব আৰু সেই কাম আমি এতিয়াৰে পৰা আৰম্ভ কৰিছো।”
আনহাতে পীযূষ হাজৰিকা সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- – “পীযূষ হাজৰিকা কোন আপোনালোকে জানেই, তেওঁৰ প্ৰশ্নৰ উত্তৰ দিয়াটো মই উচিত হ’ব জানো”?