ভয়ংকৰ বনজুইয়ে গ্ৰাস কৰিব অসমক। এই কথা অলপতে ‘ইণ্ডিয়ান ফৰেষ্ট ৰিপ’ট’ য়ে এক প্ৰতিবেদনত সদৰি কৰিছে।
উল্লেখ্য যে, ১৯৫০ চনৰ বৰভূঁইকঁপৰ পাছত বানৰ কবলত পৰিছিল অসম৷ বানৰ লগতে হোৱা গৰাখহনীয়াত বিগত সময়ত জাহ গৈছে ৰাজ্যখনৰ লাখ লাখ বিঘা ভূমি৷ বান-খহনীয়াৰ এনে ধ্বংস লীলাৰ মাজতে ভৱিষ্যতে জুইৰ আতংকই খেদি ফুৰিব অসমক৷ ‘ইণ্ডিয়ান ফৰেষ্ট ৰিপৰ্ট’য়ে সদৰি কৰা মতে, অনাগত দিনত অসমৰ মুঠ মাটিকালিৰ ১৭ শতাংশ এলেকা জুইত জাহ যাব পাৰে৷
আনহাতে, প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি, ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৩৪.২১ শতাংশ হৈছে বনাঞ্চল। ৰাজ্যৰ ২৮,৩২৩ বর্গকিলোমিটাৰ বনাঞ্চলৰ ১৪,০৯১.৫৫ বর্গকিলোমিটাৰ এলেকাই হৈছে জুহপ্রৱণ। অর্থাৎ, মুঠ বনাঞ্চলৰ প্রায় ৫০ শতাংশই পৰিব পাৰে বনজুইৰ কবলত। অত্যন্ত জুইপ্রৱণ বনাঞ্চলৰ শ্রেণীত অসমৰ ৩,১৬৬.১১ বর্গকিলোমিটাৰ এলেকা পৰিছে। উচ্চ জুইপ্রৱণ বনাঞ্চল হিচাপে চিহ্ণিত হৈছে ৩,৪০০.৪৬ বর্গকিলোমিটাৰ বনাঞ্চল৷ আকৌ, ২,৬৫৩.৯৩ বর্গকিলোমিটাৰ বনাঞ্চলক পৰিমিত জুইপ্রৱণ এলেকা হিচাপে চিহ্ণিত কৰা হৈছে ৷
লক্ষণীয়ভাৱে ৰাজ্যৰ মৰিগাঁও, ডিমা হাছাও আৰু কার্বি আংলং জিলাক অত্যন্ত জুইপ্রৱণ এলেকা হিচাপে প্রতিবেদনখনত উল্লেখ কৰাৰ লগতে বনজুইৰ সর্বাধিক প্রভাৱ এই তিনিখন জিলাতেই পৰিব বুলিও আশংকা কৰা হৈছে।