অসমত যোৱা কেইবাটাও দিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে। ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম-মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞানে সদৰি কৰা তথ্য অনুসৰি ১৭ জুনলৈকে উত্তৰ-পূৱত হ’ব ধাৰাসাৰ বৰষুণ।
উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু মেঘালয়ৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰিছে। অসম আৰু মেঘালয়ৰ কেইবাখনো ঠাইত ইতিমধ্যে ধাৰাসাৰ বৰষুণ হৈ আছে। যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ। ঠায়ে ঠায়ে হৈছে বিস্তৰ ক্ষতিসাধন।
সোমবাৰে ঠাই ভেদে ২৪ ঘণ্টাত ১০০ মিলিমিটাৰ পৰা ৩০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছিল। মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰৰ বাবে অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অৰুণাচল প্ৰদেশৰ বাবে ১৭ জুনলৈকে অৰেঞ্জ এলাৰ্টৰ সতৰ্কতা জাৰি কৰিছে।