অসমৰ মহিলা অভিযন্তা সকলৰ অন্যতম সংগঠন “অসম মহিলা অভিযন্তা সন্থা“ৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙলবাৰে বিয়লি গুৱাহাটীৰ পানবজাৰস্থিত ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছৰ প্ৰথম মহলাৰ সভাগৃহত উদযাপন কৰা হয় ৷ এই উপলক্ষে সন্থাৰ সভানেত্ৰী ডঃ বিভা দাস শইকীয়াৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদিকা অন্তৰা হাজৰিকাই আৰু আঁত ধৰে সদস্য আৰাধনা চক্ৰৱৰ্তীয়ে।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত প্ৰতিবছৰে সন্থাৰ তৰফৰ পৰা প্ৰদান কৰাৰ দৰে অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ ভিতৰত ২০২১-২২ বৰ্ষৰ চিভিল ইঞ্জিনিয়াৰিঙত শীৰ্ষস্থান লাভ কৰা মহিলা অভিযন্তা গৰাকীক নগদ দহ হাজাৰ টকাসহ নীপকোৰ প্ৰাক্তন মহা প্ৰবন্ধক প্ৰয়াত অভিযন্তা কৱিতা দেৱী চাংকাকতি সোঁৱৰণী বঁটা প্ৰদান কৰা হয় ৷ এইবেলি এই বঁটা লাভ কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী তথা কোকৰাঝাৰ নিবাসী শ্বেয়া দত্তই । ইয়াৰ উপৰিও অসম মহিলা অভিযন্তা সন্থাৰ তৰফৰ পৰা প্ৰতিবছৰে আগবঢ়াই অহাৰ দৰে এইবছৰো ২০২২ চনৰ বাবে ডিগ্ৰী আৰু ডিপ্লোমাৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰা আৰ্থিক ভাৱে দুৰ্ৱল প্ৰথম বৰ্ষৰ দুগৰাকী মেধাৱী ছাত্ৰীক এককালিন ভাৱে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হয় ৷ ছাত্ৰী দুগৰাকী হল ক্ৰমে গুৱাহাটীৰ গাৰ্লছ পলিটেকনিকৰ জ্যোতিপ্ৰিয়া বৈশ্য আৰু যোৰহাটৰ জে আই এছ টিৰ সুদর্শনা ভৰালী।
আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাবে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব পৰমেশ দত্ত , বিশিষ্ট অতিথি হিচাপে এন আৰ এলৰ জ্যেষ্ঠ কাৰ্যবাহী মধুছন্দা অধিকাৰী আৰু সমাজ সেৱক মুকেশ মৌৰে ভাগ লৈ অসম মহিলা অভিযন্তা সন্থাৰ দীৰ্ঘায়ু কামনা কৰি বিগত সময়চোৱাত সন্থাই মহিলা সবলীকৰণৰ বাবে কৰি অহা কামৰ শলাগ লয়। অনুষ্ঠানত সন্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ৰীতা ৰাজখোৱাকে ধৰি ভালেসংখ্যক প্ৰাক্তন আৰু বৰ্তমানৰ কৰ্মকর্তা, সদস্য উপস্থিত থাকে অনুষ্ঠানত কেইবাজনেও গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।