জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে সমগ্ৰ চলচ্চিত্ৰ সমাজ।
Film Fraternity Of Assamয়ে সমগ্ৰ চলচ্চিত্ৰ সমাজ তথা শিল্পী সমাজৰ তৰফৰ পৰা এক গোহাৰি জাৰি কৰে।
গোহাৰিখনৰ অনুসৰি, বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান প্ৰাগ নিউজৰ সহযোগী সম্পাদক, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাই বিগত কেইটামান দিন ধৰি বিহু অনুষ্ঠান পৰিৱেশন কৰা কেইগৰাকীমান শিল্পীক আক্ৰোশমূলকভাৱে অপদস্থ কৰাৰ চেষ্টা চলাই আহিছে।
যাৰ বাবে চলচ্চিত্ৰ সমাজ ব্যথিত আৰু ক্ষোভিত কৰি তুলিছে।
লগতে গোহাৰিখনত উল্লেখিত যে, স্বাস্থ্য বিভাগে ক’ৰোনাক লৈ জাৰি কৰা বিভিন্ন নীতি-নিৰ্দেশনা পালন কৰি বিহু অনুষ্ঠান পৰিৱেশন কৰাটোক ‘বেপাৰ’ কৰা বুলি দেৱজিৎ ভূঞাৰ এই মন্তব্য সমগ্ৰ শিল্পী জগতৰ বাবে অপমানজনক।
লগতে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীক ষ্টুডিঅ’লৈ মাতি আনি তুচ্ছ-তাচ্ছিল্য কৰা কথাটোৱেও সাংস্কৃতিক জগতখনক লজ্জানত কৰিছে।
ইফালে জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি চলচ্চিত্ৰ সমাজ অসমে এতিয়াৰে পৰা সাংবাদিক দেৱজিৎ ভূঞাৰ সকলো অনুষ্ঠান বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী জনাইছে চলচ্চিত্ৰ সমাজে।
চলচ্চিত্ৰ সমাজৰ এই গোহাৰিলৈ সমৰ্থন জনাইছে ১৫৪ গৰাকী শিল্পীয়ে।
Photo: Headline8