অসমীয়া ভাষা পুনৰ উপেক্ষিত হ’বলগীয়া হ’ল ইউনিক’ডত। বিগত প্ৰায় ৭ মাহত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অনুষ্ঠিত কৰিব নোৱাৰিলে বৈঠক। এমাহ পূৰ্বে অসম সাহিত্য সভাৰ প্ৰতিনিধিয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰিছিল যদিও বৰ্তমানলৈকে কোনো সহাৰি লাভ নকৰিলে।
১৯৯২ চনলৈ স্বতন্ত্ৰ লিপি ৰূপে স্বীকৃতিপ্ৰাপ্ত অসমীয়া ভাষাক হঠাৎ কেন্দ্ৰই নাকচ কৰা পাছতেই সৃষ্টি হৈছিল বহু প্ৰতিক্ৰিয়াৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদানৰ চেষ্টা অব্যাহত থকা অৱস্থাতেই ইউনিক’ডত এলাগী হৈ ৰোৱাৰ বাবে ৰাজ্যখনৰ সকলো প্ৰান্ততে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। একাংশ চৰকাৰী বিষয়াৰ হেমাহিৰ বাবেই ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা নহ’ল অসমীয়া ভাষাক স্বতন্ত্ৰ লিপি ৰূপে স্বীকৃতি প্ৰদানৰ প্ৰস্তাৱ।