উত্তৰ যোৰহাটৰ বাহনাৰ দৰে এটা গ্ৰামাঞ্চলৰ পৰা গৈ সাত সাগৰ তেৰ নদীৰ সিপাৰত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে লেখক-সাংবাদিক তথা পৰিবেশ কর্মী জিতু কলিতাই। ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৪ বাৰৰ ভিতৰত তিনিবাৰে সফলভাৱে ভাৰতৰ হৈ টাইৱানত প্ৰতিনিধিত্ব কৰিছিল৷ কডিডৰ বাবে এবছৰ বাদ পৰিছিল৷ বিগত সময়ত অসম, বিহাৰ, মহাৰাষ্ট্ৰ, আৰু শেহতীয়াকৈ এই বৰ্ষত গুজৰাটৰ সংবাদ প্ৰতিবেদৰ বাবে কলিতাই টাইৱানত ১৫ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈ আয়োজিত চি টি কে এডুকেছন ফ্ৰাউন্ডেচনৰ আন্তৰাষ্ট্ৰীয় সভাত অংশগ্ৰহণ কৰে৷ সভাকক্ষত ভাৰতৰ হৈ গুজৰাটৰ ভাৱব নগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ এজন মেধাবী ছাত্ৰ মাত্ৰ ৩ ফুট উচ্চতা হোৱাৰ বাবে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিছিল৷ মেডিকেল বৰ্ডৰ পাঠ্যক্ৰমৰ পৰা বঞ্চিত কৰা কাহিনীটো সহজ নাছিল৷ যিটো বিষয় ভাৰততে খলকনি লগোৱাই নহয় বিশ্বটো নতুন বিষয় হিচাপে প্ৰতিষ্ঠা হৈছে৷ কাৰণ ছাত্ৰ অৱস্থাত ন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সাহস কোনেও নকৰে৷ তেনে অৱস্থাত চিকিৎসা বিজ্ঞানৰ পৰা বঞ্চিত হোৱাৰ বাবে গনেশ বেৰিয়া নামৰ সাধাৰণ খেতিয়কৰ পৰিয়ালৰ যুৱকজনে গুজৰাটৰ হাইক’ৰ্টত বিষয়টো ওপৰত গোচৰ দিয়ে৷ কিন্তু গনেশে তাৰ পৰা কোনো সকাহ নাপাই অৱশেষত চুপ্ৰিম ক’টলৈ যাব লগা হ’ল৷ কিছুদিন পাছত চুপ্ৰিম ক’টে গনেশৰ সপক্ষে ৰায় দিয়ে৷ ২০১৮ চনৰ 22 অক্টোবৰত গনেশৰ নামতে আইন হৈ পৰিছিল৷ কিন্তু তেতিয়ালৈ মেডিকেলৰ পাঠদান ৬ মাহ আগবাঢ়ি গ’ল৷ যাৰ বাবে চুপ্ৰিম ক’টে একেটা ৰায়তে জনালে যে প্ৰথম বছৰত নাম ভৰ্তি নহলেও পিছৰ বছৰটো কোনো পৰীক্ষা নিদিয়াকৈ, নাম ভৰ্ত্তি কৰিবলৈ অনুমতি দিবলৈ নিৰ্দেশ দিয়ে৷ যাৰ বাবে ২০১৯ বাৰ্যত গনেশ বেৰিয়াই নাম ভৰ্তি কৰিবলৈ সক্ষম হ’ল৷ প্ৰকৃত ন্যায়ৰ বিৰুদ্ধে ছাত্ৰ অৱস্থাতে যি সাহস দেখুৱালে সেয়া ভাৰতত একমাত্ৰ আছিল৷ এই ঘটনাটো সন্দৰ্ভত ২০২০-২১ চনত জিতু কলিতাই অধ্যয়ন কৰি কেইবাটাও প্ৰতিবেদন আৰু তথ্যচিত্ৰ প্ৰস্তুত কৰিছিল৷ জিতু কলিতাই বহুকেইখন দেশলৈ ইয়াৰ প্ৰতিবেদন পঠাইছিল যদিও টাইৱানে একেবাৰে প্ৰস্তাৱটো সন্মত হ’ল৷ যাৰ বাবে ২০২২ চনৰ বাবে গনেশলৈ চিটি কে দেশখনৰ বিৰল পুৰস্কাৰ আগবঢ়াইছিল যদিও সেইবছৰ মেডিকেলৰ পৰীক্ষা থকাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলে৷ সেয়েহে এই বৰ্ষথ টাইৱানৰ চৰকাৰ আৰু চি টিকে ফ্ৰাউন্ডেচনে সকলো যাৱতীয় ব্যৱস্থা কৰে৷ জিতু কলিতাই গনেশ বেৰিয়াৰৰ জীৱন কাহিনীটো আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰে৷
জিতু কলিতাই গনেশৰ বিষয়ে টাইৱানৰ বহুকেইখন শিক্ষা প্ৰতিষ্ঠানৰ লগতে ৰাষ্ট্ৰপতিৰ আগটো বিষয়টো উপস্থাপন কৰিছিল৷
২০ ছেপ্টেম্বৰত জিতু কলিতাই অসমীয়াৰ স্বাভিমান স্বৰূপ এখন গামোচাৰে টাইৱানৰ ৰাষ্ট্ৰপতি টি চেই ওৱেঙক সম্বৰ্ধনা জনোৱাৰ লগতে ভাৰতীয় প্ৰতিনিধি হিচাপে কথোপকথনৰ কৰে৷ টাইৱানৰ ৰাষ্ট্ৰপতিৰ ভৱনৰ কক্ষত কলিতাই ৰাজস্থানৰ ওপৰত লেখা গ্ৰন্থ এখনো উপহাৰ হিচাপে দিয়ে৷ ৰাষ্ট্ৰপতি ভৱনৰ সভাত ৰাষ্ট্ৰপতি গৰাকীয়ে চিন স্বৰূপে একোটাকৈ পদক চিহ্ন সামগ্ৰী প্ৰদান কৰে৷
গণেশ বেৰিয়াই সন্মান সহকাৰে টাইৱানৰ শিক্ষাৰ ওপৰত থকা বঁটাটি গ্ৰহন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়া আনিলে৷ বিগত বৰ্ষত কলিতাৰ এখন গ্ৰন্থ ২০১৬ চাইনিজ অনুবাদ হৈছিল আৰু সেই গ্ৰন্থখন টাইৱানৰ ৰাষ্ট্ৰপতিয়ে (চেই ইং ওৱেং) ২০১৬ উন্মোচন কৰাটো ভাৰত তথা অসমৰ বাবে গৌৰৱ বিষয় আছিল৷ কলিতাৰ এই সাংবাদিক হিচাপে কৰা বিৰল পদক্ষেপক অসম ৰাজ্যিক সাংবাদিক সন্থা, ইন্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়ন আৰু নৰ্থ ইষ্ট ওৱৰ্কিং জাৰ্নেলিষ্ট ইউনিয়নৰ পৰা শুভেচ্ছা জনাইছে৷