পুনৰ অসমৰ সংগীত জগতৰ বাবে এক দুখবৰ।
ক’ৰোনাই পুনৰ প্ৰাণ কাঢ়ি নিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাৰবীন পৰীৰ।
কেইদিনমান আগতে কণ্ঠশিল্পী পাৰবীন পৰী আৰু তেওঁৰ পিতৃ আক্ৰান্ত হৈছিল ক’ৰোনাত।
তাৰ পিছতে চিকিৎসাধীন হৈ আছিল গুৱাহাটীস্থিত জি এন আৰ চি হাস্পতালত।
২দিন পূৰ্বে কণ্ঠশিল্পী গৰাকীৰ পিতৃৰ মৃত্যু হয়।
আৰু আজি পুৱাই শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী পাৰবীন পৰীয়ে।
কণ্ঠশিল্পী গৰাকীৰ মৃত্যু খবৰ পোৱাৰ পিছতে শোকত ম্ৰিয়মান হৈ পৰিছে সংগীত জগতৰ লগতে অসমবাসী।
Photo Credit: Google