মাতৃভাষাহীন পৰীক্ষা পাতি ৰাজ্যত প্ৰশাসনিক সেৱা বিষয়া বাচনি কৰাৰ চৰকাৰৰ সিদ্ধান্তক নাকী লগালে উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নির্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
ৰাজ্য চৰকাৰৰ জানুৱাৰী মাহত অসম লোকসেৱা আয়োগে পাতিবলগীয়া মেইনছত বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখন বাতিল কৰাৰ কেবিনেটৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল উচ্চ ন্যায়ালয়ত। এই সন্দৰ্ভত অধিবক্তা সিদ্ধাৰ্থ শর্মাই দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন।
উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বুধবাৰে শুনানি গ্ৰহণ কৰি আদালতৰ অনুমতি নোহোৱাকৈ পৰীক্ষাৰ তাৰিখ ঘোষণা নকৰিবলৈ নির্দেশ দিয়ে। উল্লেখ্য যে, আৱেদনকাৰীৰ পক্ষত ন্যায়ালয়ত এই যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা কমল নয়ন চৌধুৰী আৰু ইউ কে নায়াৰে।