নক্সালবাদীৰ বিৰুদ্ধে ছত্তীশগড় চৰকাৰে চলোৱা কঠোৰ অভিযানত অসমে হেৰুৱালে এগৰাকী বীৰ সন্তানক।
নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত অসমৰ দুধনৈৰ বাবলু ৰাভা শ্বহীদ হ’ল। বাবলু ৰাভা CRPFৰ ২১০ নং কোব্ৰা বেটেলিয়নৰ আছিল।
শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলা তাৰৰেম অঞ্চলৰ ঘন জংগল আৰু পাহাৰীয়া এলেকাত নক্সালবাদীৰ সৈতে হোৱা CRPFৰ গুলীয়াগুলীত নিৰাপত্তা বাহিনীৰ ৫ জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী মহিলা নিহত হয় ৷
এই সংঘৰ্ষতে ৩ নক্সালবাদীও নিহত হয়।
সংঘৰ্ষত নিহত হোৱা ৫জন জোৱানৰ ভিতৰত এজন অসমৰ বাবলু।
শ্বহীদ জোৱানজনৰ ঘৰ দুধনৈৰ নিকটৱৰ্তী দামৰাৰ পাটপাৰাত ৷
৯ বছৰ পূৰ্বে CRPFৰ কোব্ৰা বেটেলিয়নত যোগ দিছিল বাবলুয়ে ৷
বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে শেষৰবাৰৰ বাবে ঘৰলৈ আহিছিল।
বীৰ শ্বহীদজনে এৰি থৈ গ’ল পত্নীসহ এটি ৭ বছৰীয় কন্যা সন্তানক।
দেশৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া শ্বহীদগৰাকীৰ নশ্বৰদেহ দেওবাৰে সন্ধিয়া বা সোমাবাৰে দুধনৈৰ ঘৰলৈ আহি পোৱাৰ সম্ভাৱনা আছে ৷
Photo: Headline8