ডিব্ৰুগড়ত শক্তিমন্ত্ৰী বিমল বৰাই এক সংবাদ মেলৰ আয়োজন কৰে।সংবাদ মেলত তেওঁ বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এ পি ডি চি এলৰ অভিযান অব্যাহত থকাৰ কথা ঘোষণা কৰে।তেওঁ কয় যে ডিব্ৰুগড়ৰ জকাই বনগাওঁ, মোহন ঘাট, গ্ৰাহাম বজাৰত অভিযান চলাই কেইবা লক্ষাধিক টকা ইতিমধ্যেই আদায় কৰিবলৈ সমৰ্থ হৈছে এ পি ডি চি এল।
সংবাদ মেলত বিমল বৰাই কয় যে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰিবলৈ হ‘লে প্ৰথমে বিদ্যুৎ চুৰি বন্ধ হ‘ব লাগিব।
ৰাজহ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবেই লোকচানত চলি আছে বিদ্যুৎ বিভাগ।এনেকি অসম চৰকাৰৰ কেইবাটাও বিভাগেও বিল পৰিশোধ কৰা নাই এ পি ডি চি এলক।
চৰকাৰী বিভাগৰ অনাদেয় এনে বিল হ’ল ১০৬ কোটি টকাৰ আৰু এই বিল পৰিশোধ কৰিবলৈ ইতিমধ্যেই বিত্ত বিভাগক নিৰ্দেশনা জাৰি কৰিছে তেওঁ।
লোড শ্বেডিং প্ৰসংগত সঘনে উত্থাপিত অভিযোগৰ উত্তৰ দি তেওঁ কয় যে
বিভাগৰ আন্তঃগাঁথনিত অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ কমা চলি থকাত তথা প্ৰাকৃতিক দুৰ্যোগৰ বাবে মেৰামতি কৰিবলগীয়া হোৱাত কৰ্তন কৰিবলগীয়া হৈছে বিদ্যুৎ।
আনহাতে উপভোক্তাৰ সংখ্যা ৪২ লাখৰ পৰা ৬৩ লাখলৈ বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে বিমল বৰাৰ। সংবাদ মেলত অসমৰ বিদ্যুৎ বিভাগক গুজৰাটৰ আৰ্হিত গঢ়ি তোলা হ’ব বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে।