সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত নীতিন খাড়েই ৷
নিৰ্বাচনী আচৰণ বিধিৰ তদাৰকৰ দায়িত্বত আছে বিনোদ চেচান আৰু প্ৰশিক্ষণৰ দায়িত্বত দেৱ মিশ্ৰ ৷
গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনাসমূহ হ’ল-
১) প্ৰতিগৰাকীয়ে প্ৰাৰ্থীয়ে নিৰ্বাচনী ব্যয়ৰ খতিয়ান জমা দিব লাগিব ৷
২) RP Actৰ ১২৭ নং ধাৰা অনুসৰি প্ৰকাশ নকৰা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
৩) নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে পৰ্যবেক্ষক নিয়োগ কৰা হৈছে ৷
৪) নিৰ্বাচনৰ সময়ত সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধে নিৰীক্ষণৰ ব্যৱস্থা ত্বৰান্বিত কৰা হ’ব ৷
৫) আয়কৰ বিভাগ, ডি আৰ আইকে ধৰি বিভিন্ন সংস্থাই নগদ ধনৰ অপব্যৱহাৰ নিৰীক্ষণ কৰিব ৷
৬) প্ৰতিটো সমষ্টিতে তিনিটাকৈ ফ্লাইং স্কোৱাড গঠন কৰা হৈছে ৷
৭) প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ বাবে থাৰ্মেল স্কেনৰ ব্যৱস্থা কৰা হৈছে ৷
৮) ঘৰে ঘৰে প্ৰচাৰৰ বাবে ৫জনকহে যোৱাৰ অনুমতি প্ৰদান কৰা হৈছে ।
৯) নিৰ্বাচনী আয়োগে ছচিয়েল মিডিয়াত কঠোৰ নিৰীক্ষণ চলাব ৷
১০) প’লিং বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব ৷
১১) প্ৰতিজন প্ৰাৰ্থীয়ে ছচিয়েল মিডিয়াৰ একাউণ্টৰ সবিশেষ অৱগত কৰিব লাগিব ৷
১২) কনভয়ৰ বাহনৰ মাজত থাকিব লাগিব দূৰত্ব ৷
১৩) অপিনিয়ন পোলৰ ক্ষেত্ৰত নাই কোনো বাধ্যবাধকতা।
১৪) এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৩০ লাখ ৮০ হাজাৰ টকা ব্যয় কৰিব পাৰিব।
১৫) প্ৰতিগৰাকী প্ৰাৰ্থীৰ তিনিখনকৈ ৰেজিষ্টাৰ থাকিব লাগিব।
১৬) হোৰ্ডিঙত প্ৰিণ্টাৰৰ নাম থকাটো বাধ্যতামূলক।
১৭) ইফালে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ ৪৮ ঘণ্টাৰ পূৰ্বে বন্ধ হ’ব প্ৰচাৰ অভিযান।
Photo: Google