শুকুৰবাৰে দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই ৫খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।
অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
২৭ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
১ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।
অসমৰ লগতে পশ্চিম বংগ, তামিলনাডু, পুডুচেৰী, আৰু কেৰালাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।
অসমত ১২৬খন, পশ্চিমবংগত ২৯৪ , কেৰালাত ১৪০, তামিলনাডুত ২৩৪ আৰু পুডুচেৰীত ৪০খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব ।
অসমত প্ৰায় ৩৪ হাজাৰ ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই ক’লে যে আমাৰ বাবে ভোটদাতাসকলক সুৰক্ষিত, শক্তিশালী আৰু সচেতন ৰখাটো আটাইতকৈ ডাঙৰ কাম।
আমি ক’ৰোনাকালত ৰাজ্যসভাৰ ১৮খন আসনৰ বাবে নিৰ্বাচনৰ আৰম্ভ কৰিছিলো।
তাৰ পিছত বিহাৰ নিৰ্বাচন কৰালো।
বৰ্তমান এই ৫খন বিধানসভা নিৰ্বাচন যথেষ্ট প্ৰত্যাহ্বানজনক।
তেওঁ লগতে ক’লে যে নিৰ্বাচনৰ সময়ত কেইবাগৰাকীও কৰ্মচাৰী আৰু বিষয়া ক’ভিডৰ সংক্ৰমণত আহিছিল।
সুস্থ হৈ পুনৰ নিজৰ কৰ্তব্য পালন কৰিছে।
আমি এনে ক’ৰোনা যোদ্ধাক ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰষ্কাৰ প্ৰদান কৰিলো।
তেওঁলোকক সন্মান জনোৱা হ’ল।
মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই ক’লে যে আমি নিৰ্বাচনী ৰাজ্যসমূহত বহুবাৰ ভ্ৰমণ কৰিছো।
৩১ মে’ত অসমৰ বিধানসভাৰ কাৰ্যকাল সমাপ্ত হ’ব আৰু ২৪ মে’ত তামিলনাডু বিধানসভাৰ কাৰ্যকাল সমাপ্ত হ’ব।
এই ৰাজ্যসমূহৰ ৮২৪ বিধানসভা সমষ্টিত ৮৬ কোটি ভোটদাতাই ২.৭ লাখ বুথত ভোটদান কৰিব।
CEC সুনীল অৰোৰাই ক’লে যে প্ৰতিগৰাকী নিৰ্বাচনী বিষয়া ক’ৰোনা যোদ্ধা হয়।
ক’ৰোনাৰ বাবে প্ৰতিগৰাকী নিৰ্বাচনী বিষয়াক টীকাকৰণ কৰোৱা হ’ব।
ভোটদানৰ সময় ১ ঘণ্টা বঢ়োৱা হ’ব।
লগতে তেওঁ ক’লে যে নিৰ্বাচনৰ সময়ছোৱাত নিয়মৰ পালন কৰাটো প্ৰয়োজন হ’ব।
ঘৰে-ঘৰে প্ৰচাৰ অভিযান চলাবলৈ ৫জন লোকৰ সৈতে যাবলৈ অনুমতি প্ৰদান কৰা হ’ব।
তেওঁ ক’লে যে পঞ্জীয়ন প্ৰক্ৰিয়া অনলাইনো কৰা হ’ব।
গ্ৰাউণ্ড ফ্লৰ হ’ব প্ৰতিটো ভোটকেন্দ্ৰ।
ৰেলীৰ বাবে ফিল্ড নিৰ্ধাৰণ কৰা হ’ব। সুৰক্ষা বল আগতীয়াকৈ প্ৰেৰণ কৰা হ’ব।
কেৱল পশ্চিমবংগতেই নহওক আটাইকেইখন ৰাজ্যতেই প্ৰেৰণ কৰা হৈছে।
নিৰ্বাচনী আয়োগে ক’লে যে নিৰ্বাচনৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰো(1950) জাৰি কৰা হ’ব।
টোল ফ্ৰী হেল্পলাইনেৰে ভোটদাতাই নিজৰ নাম তালিকাত বিচাৰিব পাৰে।
ভোটাদাতাই নিজৰ ভোটাৰ কাৰ্ড অনলাইনেৰে উলিয়াব পাৰিব।
প্ৰতিটো পলিং বুথত পানী, শৌচালয় আৰু অপেক্ষাকক্ষ হ’ব। লগতে হুইল শ্বেয়াৰো থাকিব।
Photo: Google