পশ্চিমবংগসহ ৪খন ৰাজ্য আৰু এখন কেন্দ্ৰ শাসিত ৰাজ্যত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে।
ট্ৰেণ্ডত থকা অনুসৰি, পশ্চিমবংগত TMCয়ে বহুমত পালে যদিও নন্দীগ্ৰাম সমষ্টিত মমতা বেনাৰ্জীয়ে খাব লগীয়া হ’ল মুখ থেকেচা।
বিজেপিৰ শুভেন্দ্ৰু অধিকাৰীয়ে ১৬২২টা ভোটেৰে মমতাক পৰাজয়ৰ মুখ দেখুৱালে।
ৰি-কাউণ্টিঙত খালে মুখ থেকেচা
ভোটগণনাৰ সমছোৱাত নন্দীগ্ৰাম সমষ্টিটোক লৈ মমতা বেনাৰ্জী আৰু শুভেন্দ্ৰু অধিকাৰীৰ মাজত দেখা গ’ল তুমুল যুঁজ।
ভোটগণনাত কেতিয়াবা আগত আছিল বেনাৰ্জী আৰু কেতিয়াবা আগত আছিল অধিকাৰী।
কিন্তু অন্তিমটো ৰাউণ্ডত সকলো ওলোটা হৈ পৰিল।
মমতাৰ জয়ৰ ঘোষণা কৰা হ’ল কিন্তু শুভেন্দ্ৰুয়ে আপত্তি দৰ্শাই আৰু পিছত সমষ্টিটোত ৰি-কাউণ্টিঙত মমতাই পৰাজয়ৰ মুখ দেখা পালে।
Photo: Google