ক’ভিড ভেকচিনক কেন্দ্ৰ কৰি আজি বিধানসভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্ট হয়। পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে অৱশেষত অধ্যক্ষই সদন ৩ বজালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰিবলগীয়া হয়।
ইফালে অধিৱেশনৰ মাজতে অভিযোগ-প্ৰতি অভিযোগত ব্যস্ত হৈ পৰে শাসকীয় আৰু বিৰোধী দলৰ বিধায়ক সকল। মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছে ভেকচিনক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে।আনহাতে ভৰত নৰহৰ ওপৰত খৰ্গহস্ত হৈ পৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। নৰহে সদনক বিপথে পৰিচালিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হয়।
উল্লেখ্য যে আজি ৩ বজাত বিধানসভাত পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে।