বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলশালী জয়ন্ত কছাৰী গুৱাহাটীৰ গড়ভঙা বনাঞ্চলৰ পৰা সন্ধানহীন হৈ আছে।তেওঁৰ সৈতে কুশল কলিতা নামৰ অইন এজন যুৱকো সন্ধানহীন হৈ আছে। দুয়োকে কোনো উগ্ৰপন্থী সংগঠনে অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যেই এই সন্দৰ্ভত তেওঁলোকৰ পৰিয়ালৰ লোকে গড়চুক থানাত এক গোচৰ ৰুজু কৰিছে।
বুধবাৰে নিশাৰ পৰাই সন্ধানহীন হৈ থকা এই দুই যুৱকৰ সন্ধানত আৰক্ষী বাহিনী নামি পৰিছে যদিও এতিয়ালৈকে দুয়োৰে সন্ধান ওলোৱা নাই। আনহাতে কোনো সংগঠনেও অপহৰণকাণ্ডৰ দায়িত্ব স্বীকাৰ নকৰা হেতুকে ঘটনাটো অধিক ৰহস্যাবৃত হৈ পৰিছে।