মধ্যপ্ৰদেশৰ ছতনা জিলাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ আঁতৰত বিৰসিংপুৰত অচিনাক্ত দুৰ্বৃত্তই এক্সিছ বেংকৰ এটিএম বিস্ফোৰণ কৰি নগদ টকাভৰ্তি কেছ বক্স লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
এই সমগ্ৰ ঘটনাটো CCTV কেমেৰাত বন্দী হয়।
দৰাচলতে এই ঘটনাটো নিশা ৩ বজাত সংঘটিত হৈ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষী অধীক্ষক ধৰ্মবীৰ সিং আৰক্ষীৰ এটা দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰি দিছে।
আশে-পাশে থকা CCTVৰ ফুটেজ পৰীক্ষণ কৰে।
চোৰকেইটাই কিমান টকা লুটি লৈ গ’ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নায়।
দৰাচলতে, এটিএম বুথটোৰ সন্মুখত থকা এখন দোকানৰ সন্মুখত CCTV কেমেৰা লগোৱা আছিল আৰু এই CCTV কেমেৰাত ঘটনাটোৰ সমগ্ৰ দৃশ্য বন্দী হয়।
Photo: Google