জম্মু-কাশ্মীৰৰ ছপোৰৰ আৰামপোৰাত আৰক্ষী আৰু CRPFৰ যুটীয়া দলৰ ওপৰত আক্ৰমণ চলাই সন্ত্ৰাসবাদীয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, এই আক্ৰমণত ৩ গৰাকী আৰক্ষী কৰ্মী শ্বহীদ হয় আৰু ৩জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱায়।
লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। সন্ত্ৰাসবাদীৰ সন্ধান অভিযান অব্যাহত ৰাখিছে। কাশ্মীৰৰ আইজি বিজয় কুমাৰে ক’লে যে, ছপোৰত সংঘটিত হোৱা এই আক্ৰমণৰ আঁৰত আছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈয়বা।