মৰিয়নিৰ কাকজান চাহ বাগিচা চিকিৎসালয়ত বুধবাৰে নিশা চিকিৎসক আৰু নাৰ্ছক কৰ্তব্যত গাফিলতিৰ অভিযোগ তুলি আক্ৰমণৰ চেষ্টা চলাই এদল উন্মত্ত লোকে। অৱশ্যে অস্ত্ৰোপচাৰ কক্ষত প্ৰৱেশ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় স্বাস্থ্যকৰ্মী সকলে। উল্লেখ্য যে ৰাজু ৰবিদাস নামৰ এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সংঘটিত হয় এই ঘটনাৰ। মৃত ৰোগীগৰাকীৰ আত্মীয়ই চিকিৎসকৰ গাফিলতিৰ বাবেই ৰোগীগৰাকীৰ মৃত্যু হ’ল বুলি অভিযোগ উত্থাপন কৰে।তেওঁলোকে স্বাস্থ্যকৰ্মীক আক্ৰমণৰ চেষ্টা চলোৱাৰ লগতে হাস্পতালৰ আচবাব-পত্ৰ ভাঙি চুৰমাৰ কৰে। অৱশ্যে আৰক্ষীয়ে অতি তৎপৰতাৰে উন্মত্ত লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়।স্বাস্থ্যকৰ্মীৰ ওপৰত সঘনে সংঘটিত হ’বলৈ ধৰা এনে আক্ৰমণে ৰাজ্যৰ সচেতন মহলক চিন্তিত কৰি তুলিছে।