কাছাৰ আৰু নগাওঁ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া বাতিল কৰা হৈছে৷ খবৰ অনুসৰি কোনেও কাগজ কল দুটা নিলামত ক্ৰয় কৰিবলৈ আগবাঢ়ি নহা হেতুকেই বাতিল হয় নিলাম প্ৰক্ৰিয়া৷
বিগত ১ জুনত লিকুৱেটৰ কুলদীব বাৰ্মাই কল দুটা নিলামৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল৷ ১৫ জুনৰ সন্ধিয়া ৬ বজালৈ আছিল আৰ্নেষ্ট মানি জমা দিয়াৰ অন্তিম সময়৷ পিছে কল দুটা ক্ৰয়ৰ বাবে আৰ্নেষ্ট মানি ৫৫ কোটি টকা জমা দিবলৈ আগুৱাই নাহিল কোনো গ্ৰাহক৷ফলত বাতিল হয় সমস্ত প্ৰক্ৰিয়া। এতিয়া মৃতপ্ৰায় কাগজ কল দুটাক লৈ চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।