বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত কৰা অসমত জনবিস্ফোৰণে আগন্তুক সময়ত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আশংকা কৰা মতে, ২০৩৬ চনৰ ভিতৰত অসমৰ জনসংখ্যা হ’বগৈ প্ৰায় ৪ কোটি। কিয়নো অসমত প্ৰতি বছৰে বৃদ্ধি পাই আছে ১ শতাংশ হাৰত জনসংখ্যা। ৰাষ্ট্ৰীয় জনসংখ্যা আয়োগে আশংকা কৰা মতে, ২০১১ চনৰ লোকপিয়ল অনুসৰি ২০৩৬ চনত অসমৰ জনসংখ্যা ৩ কোটি ১৯ লাখ হোৱাৰ অনুমান কৰা হৈছিল। কিন্তু ৰাষ্ট্ৰীয় জনসংখ্যা আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনে স্পষ্ট কৰিছে পূৰ্বে কৰা অনুমানতকৈ ৮১ লাখ অধিক জনসংখ্যা বৃদ্ধি পাব।
আনহাতে আয়োগৰ প্ৰতিবেদন অনুসৰি ২০৩৬ চনলৈকে অসমৰ জনবসতি প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৮ গৰাকীৰ পৰা ৫০২ জনলৈ বৃদ্ধি কৰিব। আনহাতে জনসংখ্যা বৃদ্ধিৰ হাৰে অসমৰ লিংগ অনুপাত বৰ্তমানৰ ৯৫৮ৰ পৰা ৯৭৬ লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০১৬ ত পুৰুষৰ জনসংখ্যা ১,৯৯,৩৫,০০০ হোৱাৰ বিপৰীতে মহিলাৰ জনসংখ্যা ১,৯৪,৬৪,০০০ হোৱাৰ সম্ভাৱনা আছে।
প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমৰ মানুহৰ জীৱন কালো বৃদ্ধি পাইছে। পুৰুষৰ ক্ষেত্ৰত গড়ে ৬ বছৰ আৰু মহিলাৰ ৬.২ বছৰ বৃদ্ধি পাইছে। সেই অনুসৰি অসমত ৬০ বছৰ উৰ্ধৰ লোকৰ সংখ্যা বৃদ্ধি পাব। তথ্য অনুসৰি ২০৩৬ চনলৈ অসমৰ মুঠ জনসংখ্যাৰ ১৩ শতাংশ লোকেই হ’ব ৬০ বছৰৰ উৰ্ধৰ।