নতুন দিল্লীৰ বিজ্ঞান ভৱনত অলপতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস ২০২১ অনুষ্ঠানত অসমৰ দুজনকৈ বিষয়াই বঁটা লাভ কৰিবলৈ সক্ষম হয়। অসমৰ বিদ্যুৎ বিভাগৰ মুখ্য সচিব নীৰজ বাৰ্মা আৰু মুখ্য বৈদ্যুতিক পৰিদৰ্শক তথা উপদেষ্টা অখিল চন্দ্ৰ খাটনীয়াৰে এই সন্মান লাভ কৰে।
উক্ত অনুষ্ঠানত কেন্দ্ৰীয় শক্তি মন্ত্ৰী, নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী আৰ কে সিঙ মূখ্য অতিথি আছিল।