মধ্য প্ৰদেশৰ ঝাবুআৰ পৰা কংগ্ৰেছ বিধায়ক কান্তিলাল ভুৰিয়াই ৰাম মন্দিৰ ওপৰত বিতৰ্কিত মন্তব্য প্ৰদান কৰি কয় যে, বিজেপিয়ে দিনত ৰাম মন্দিৰৰ নামত চান্দা খোজে আৰু সন্ধিয়া সুৰাপান কৰে।
কান্তিলাল ভূৰিয়াৰ বিতৰ্কিত মন্তব্যত অযোধ্যাৰ সাধুসকলে ক্ষোভ প্ৰকাশ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
কংগ্ৰেছৰ যুগত হোৱা নাছিল বিকাশ
সাধু সমাজে ক’লে যে কান্তিলাল ভূৰিয়াৰ বিদ্বেষ। এনে লোক ৰাজনীতিত থাকিব নালাগে।
কেৱল এয়াই নহয় সাধুসমাজে কংগ্ৰেছৰ ওপৰত আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰি কয় যে কংগ্ৰেছ দলে দেশক বিভক্ত কৰিবলৈ কোনো ক্ৰুতি নাৰাখে।
কংগ্ৰেছে ভগৱানক কাল্পনিক বুলি কৈছিল, ভগৱাৰ ওপৰত আঙুলি উঠায়।
কংগ্ৰেছৰ কালত আজিলৈ কোনোধৰণৰ বিকাশ হোৱা নায়।
কংগ্ৰেছৰ চিন্তা-ধাৰা নিন্দনীয়
সাধুজনে ক’লে যে কংগ্ৰেছে সদায় দেশ বিৰোধী শক্তিৰ সৈতে থিয় হৈ থকা দেখা পোৱা যায়।
শিলাবৰ্ষণকাৰী হওক, ট্ৰিপল তালাকৰ ঘটনা হওক, টুকৰে টুকৰে গেঙৰ সৈতে থিয় হোৱাৰ ঘটনাই হওক, সদায়ে কংগ্ৰেছে দেশখন বিভক্ত কৰাৰ ৰাজনীতি কৰি থকা দেখা পোৱা গৈছে।
সাধুসকলে ক’লে যে নিধি সমৰ্পণ অভিযানেৰে প্ৰতিটো বৰ্গৰ ৰাম ভক্তক সংযুক্ত কৰাৰ এক প্ৰশংসামূলক পদ্ধতি হয় আৰু ইয়াৰ প্ৰশংসা সমগ্ৰ দেশত হৈ আছে। কংগ্ৰেছ চিন্তা-ধাৰা নিন্দনীয়।
ইফালে আন এজন সাধুয়ে কয় যে, দেশবাসীসকল সজাগ হৈ কংগ্ৰেছ মুক্ত ভাৰতৰ বাবে চেষ্টা চলাব লাগে।
Photo: Google