গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অগদ তন্ত্ৰ আৰু বিধি আয়ুৰ্বেদ বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক বৰ্তমান উৰিষ্যাৰ কটকস্থিত শ্ৰী শ্ৰীকলেজ অৱ আয়ুৰ্বেদিক চাইন্স এণ্ড ৰিচাৰ্চ হস্পিতালৰ অগদতন্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ দিলীপ কুমাৰ গোস্বামীক সঞ্জীৱনী ৱেলফেয়াৰ চচাইটিৰ তৰফৰ পৰা আয়ুস লিজেণ্ড সন্মানেৰে সন্মানিত কৰা হৈছে। আয়ুৰ্বেদ চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত ডাঃ গোস্বামীয়ে আগবঢ়োৱা বৰঙণিৰ বাবে সঞ্জীৱনী ৱেলফেয়াৰ চচাইটিয়ে তেওঁক এই সন্মান প্ৰদান কৰে। মধ্য প্ৰদেশৰ পঞ্চমড়ীত অনুষ্ঠিত গ্লোবেল আয়ুস চামিত, ২০২৩ চনত শতাধিক আয়ুস বিশেষজ্ঞৰ উপস্থিতিত যোৱা তিনি ডিচেম্বৰত সপত্নীক উপস্থিত থাকি ডাঃ দিলীপ কুমাৰ গোস্বামীয়ে সন্মান পত্ৰ আৰু বঁটা গ্ৰহণ কৰে।
উল্লেখযোগ্য যে বৰ্তমানলৈ ডাঃ গোস্বামীয়ে আয়ুৰ্বেদ বিষয়ক পাঁচখন কিতাপ, সত্তৰখন গৱেষণা পত্ৰেৰে সমাজলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে আৰু শতাধিক আলোচনা চক্ৰত যোগদান কৰাৰ লগতে ইটালী আৰু ডুবাইত আয়ুৰ্বেদ সম্বন্ধীয় বক্তৃতা প্ৰদান কৰিছে। তেওঁৰ কৰ্মৰাজি আৰু বৰঙণিৰ প্ৰতি সন্মান জনাই ইতিমধ্যে তেৰটা সংগঠনে পূৰ্বতে তেওঁক বিভিন্ন পুৰষ্কাৰেৰে সন্মানিত কৰিছে। এই অনুষ্ঠানতে ডাঃ গোস্বামীয়ে “আয়ুৰ্বেদিক মেডিচিনচ, ডাইট এণ্ড ৰেজিমেন ফ’ৰ হিউমেন বেনিফিট” শীৰ্ষক বক্তৃতাও প্ৰদান কৰে ।