গুৱাহাটী মহানগৰীৰ দুগৰাকী যুৱতী ULFA স্বাধীনত যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে। ULFA স্বাধীনত যোগদান কৰা যুৱতী দুগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ খাৰঘূলীৰ জয়পুৰত বুলি জানিব পৰা গৈছে। যুৱতী দুগৰাকীৰ নাম সৰস্বতী দাস আৰু ৰুমী ডেকা।
উল্লেখ্য যে, ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড়লৈ যাঁও বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা দুয়ো যুৱতী সন্ধানহীন হৈ আছিল। এক বিশেষ সূত্ৰই সদৰী কৰা অনুসৰি, দুয়োগৰাকী যুৱতী বুধবাৰে ULFA স্বাধীনৰ কেম্পত উপস্থিত হয়। উজনিৰ এজন শীৰ্ষ ULFA নেতাৰ তত্বাৱধানতে ULFA স্বাধীনত যোগদান কৰিছে বুলিও পোহৰলৈ আহিছে।
ফাঁচি বজাৰৰ এখন দোকান কাম কৰিছিল সৰস্বতী দাসে। যুৱতীগৰাকীৰ ঘৰৰ পৰা পৰাগ কুমাৰ দাসৰ ‘ছাংলট ফেনলা’ আৰু ‘নিষিদ্ধ কলম’ গ্ৰন্থদুখন উদ্ধাৰ কৰা হৈছে। যি দুখন গ্ৰন্থৰ পটভূমি আছিল ULFAক কেন্দ্ৰ কৰি। গ্ৰন্থ দুখন পঢ়াৰ লগতে গ্ৰন্থখন স্কেন কৰি বিভিন্নজনলৈ সৰস্বতী দাসে প্ৰেৰণ কৰিছিল বুলিও জানিবলৈ দিছে যুৱতীগৰাকীৰ মাতৃয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰেশ বৰুৱাৰ মাজত অতি সোনকালেই আলেচনা হোৱাৰ সম্ভাৱনা থকাৰ পিছতো ULFA স্বাধীনত এনেদৰে যুৱক-যুৱতীয়ে যোগদান কৰাৰ খবৰে স্বাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। একাংশ যুৱক-যুৱতীৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ULFA প্ৰীতিয়ে বিভিন্ন প্ৰশ্নৰ উদয় কৰিছে সচেতন মহলক। এই সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত আছে ULFA স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা।