অসমত এইবাৰ দাড়ি,টুপী,লুঙীৱালাৰ চৰকাৰ হ’ব বুলি পুনৰ বিতৰ্কিতমূলক মন্তব্য প্ৰদান কৰিছে AIUDF ৰ নেতা বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলে।
ভবানীপুৰ সমষ্টিৰ AIUDF ৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত থাকি এক ৰাজহুৱা সভাত এই মন্তব্য প্ৰদান কৰে আব্দুৰ ৰহিম আজমলে।
কংগ্ৰেছ আৰু AIUDF ৰ মহাজোটৰ চৰকাৰ হ’ব বুলি উল্লেখ কৰি এই মন্তব্য প্ৰদান কৰে ।
লগতে কয় যে, মহাজোটৰ চৰকাৰ হলে বোৰ্খা পিন্ধা মহিলাই সন্মান পাব,
এজন সাধুৰ দৰে মোল্লাই সন্মান পাব ,গীতা বাইবেলৰ দৰে কোৰাণে সন্মান পাব।
ভবানীপুৰ সমষ্টিৰ AIUDF ৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰি এনেকুৱা বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ পিছতে
জাঙুৰ খাই উঠিছে অসমবাসীৰ লগত বিভিন্ন দল সংগঠনৰ নেতা সমূহে।
Photo Credit :Google