শান্ত হোৱা নাই বাঘজান। বাঘজানত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। এশ শতাংশ ক্ষতিপূৰণ বিচাৰি আজি বাঘজানত একাংশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
পথ অৱৰোধ কৰি অইল ইণ্ডিয়াৰ কামকাজ বন্ধ কৰি উত্তাল কৰি তোলে বাঘজানবাসীয়ে | কিন্তু বাঘজানবাসীৰ এই আন্দোলনক তিনিচুকীয়া জিলা প্ৰশাসনে ছত্ৰভংগ দিয়ে।
জিলা প্ৰশাসনে আৰক্ষী আৰু চি আৰ পি এফ মোতায়েন কৰি প্ৰতিবাদকাৰীক পথ মুকলি কৰি দিবলৈ প্ৰথমে সকীয়নি প্ৰদান কৰাৰ পাছত শূন্যলৈ গুলীচালনা কৰি লাঠি চাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে। পৰৱৰ্তী সময়ত প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও অঞ্চলটোত বৰ্তমানো চেপা উত্তেজনা অব্যাহত আছে |