গুৱাহাটী উচ্চ ন্যায়ালয়ে শনিবাৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰীৰ মুখ্য অভিযুক্ত পিকে দত্তৰ পিছত দিবন ডেকাৰ জামিন নাকচ কৰে।
সূত্ৰ অনুসৰি, জামিন নাকচ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে কয়, “এনে ধৰণৰ কেলেংকাৰীয়ে নতুন প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়ে।” গুৱাহাটী উচ্চ ন্যায়ালয়ে লগতে কয়,”এনে ধৰণৰ কেলেংকাৰী আমাৰ সমাজৰ বাবে অপৰাধ”।
যোৱা বছৰ, অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ৫৯৭ টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যাৰ বাবে ৬৬ হেজাৰৰো অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছিল। পৰীক্ষা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল।কিন্তু প্ৰশ্ন কাকত হোৱাটছএপৰ জৰিয়তে ফাদিল হোৱাৰ বাবে অসম আৰক্ষীয়ে এই পৰীক্ষা আধাতে বাতিল কৰিছিল ।