উদ্ভৱ ভৰালীক গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত! গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন। উদ্ধৱ ভৰালীৰ বিৰুদ্ধে এগৰাকী তুলি লোৱা কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ গোচৰ ৰুজু হৈছিল। কেচ ডায়েৰী চোৱাৰ পিছত উচ্চ ন্যায়ালয়ে বৃহস্পতি বাৰে নাকচ কৰে জামিন আবেদন। পূৰ্বতে উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালিন জামিন মঞ্জুৰ কৰিছিল। ভুক্তভোগীৰ বাণীবদ্ধ ভাষ্য শুনাৰ পিছত আদালত এই সিদ্ধান্ত গ্ৰহণ কৰে।