পুনৰ নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
২৪ ঘণ্টাৰ নিষেধাজ্ঞা আঁতৰাই দিলে নিৰ্বাচনী আয়োগে।
আজি সন্ধিয়াৰ পৰা পুনৰ নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব মন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তাচ্ছিল্যকৰ মন্তব্য প্ৰদান কৰিছিল।
আৰু ইয়াৰ পিছতে কংগ্ৰেছে নিৰ্বাচন আয়োগত অভিযোগ উত্থাপন কৰিছিল।
এই অভিযোগৰ ভিত্তিতে নিৰ্বাচন আয়োগে মন্ত্ৰী শৰ্মাক ৪৮ ঘণ্টাৰ বাবে নিষিদ্ধ ঘোষণা কৰিছিল।
মন্ত্ৰীগৰাকীয়ে কোনোধৰণৰ নিৰ্বাচনী কাৰ্যকলাপত অংশগ্ৰহণ কৰিব নোৱাৰাৰ নিষেধাজ্ঞা প্ৰদান কৰিছিল।
কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিল যে, কংগ্ৰেছ আৰু BPFৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাকীক ভাবুকি প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্বই কৈছিল যে, NIAৰ জৰিয়তে হাগ্ৰামাক জেললৈ প্ৰেৰণ কৰা হ’ব।
কিন্তু পুনৰ এতিয়া নিৰ্বাচনী আয়োগে ২৪ ঘণ্টাৰ নিষেধাজ্ঞা উঠাই ল’লে।
Photo: Google