উত্তৰ প্ৰদেশৰ সম্ভল জিলাত চৰকাৰী বিষয়াসকলে ইনফৰ্মেল কাপোৰ পিন্ধাক লৈ নিষেধাজ্ঞা প্ৰদান কৰা ড্ৰেছ কোডৰ বাবে বিবাদৰ সৃষ্টি হৈছে।
জিলাধিকাৰী সঞ্জীৱ ৰঞ্জনে প্ৰতিটো চৰকাৰী কাৰ্যালয়ত ইনফৰ্মেল ড্ৰেছ- জীনছ, টী-ছাৰ্ট পিন্ধাক লৈ নিষেধাজ্ঞাৰ আদেশ গৃহীত কৰিছে।
তেওঁ ক’লে যে,
এই পদক্ষেপৰ উদ্দেশ্য হ’ল কাৰ্যালয়ত শিষ্টাচাৰ, মৰ্যাদা বজাই ৰখা আৰু এইটো সুনিশ্চিত কৰিব লাগে যে জিলাখনত কৰ্মচাৰীয়ে নিৰ্ধাৰিত আচৰণ বিধি পালন কৰক।
তেওঁ ক’লে, উচিত বস্ত্ৰ পৰিধান কৰিলে কৰ্মচাৰীৰ মাজত গম্ভীৰতা সুনিশ্চিত হ’ব।”
ৰঞ্জনে ক’লে যে, নিয়মৰ কোনোৱে উলংঘন কৰিলে উচিত শাস্তি বিহা হ’ব।
কিন্তু চৰকাৰী কৰ্মচাৰীৰ বাবে কোনো বিশিষ্ট ড্ৰেছ কোড প্ৰস্তাৱিত কৰা হোৱা নায়।
তেওঁ ক’লে, “কেৱল কেইজনমান লোকেহে কাৰ্যালয়ৰ মৰ্যাদা, নৈতিকতাৰ অনুসৰণ কৰে।
অধিকাংশই কামত আহিলে টী-ছাৰ্ট আৰু জীনছৰ দৰে কেজুৱেল কাপোৰ পিন্ধি অহা দেখা যায়।
এইটোৱেই চৰকাৰী কৰ্মচাৰীৰ আচৰণ বিধি উলংঘন কৰে।
চৰকাৰী কাৰ্যালয়ত ফৰ্মেল কাপোৰ পৰিধান কৰিলে তেওঁলোক নিজৰ কৰ্তব্যৰ প্ৰতি অধিক গম্ভীৰ দেখা পোৱা যায় আৰু কাৰ্যালয়ৰ মৰ্যাদা, শিষ্টাচাৰো সুনিশ্চিত কৰিব।
তেওঁ লগতে ক’লে যে, প্ৰতিটো চৰকাৰী বিভাগৰ বিষয়াসকল আৰু কৰ্মচাৰীৰ বাবে এয়া বাধ্যতামূলক কৰি দিছে আৰু তেওঁলোকে কাৰ্যালয়ত কেজুৱেল কাপোৰ নিপিন্ধক।
এতিয়ালৈ কোনোধৰণৰ ড্ৰেছ কোড সুনিশ্চিত কৰা হোৱা নায়।
Photo: Google