কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল – সংগঠনে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি “নাগৰিকত্ব সংশোধনী আইন” বা “কা” প্ৰৱৰ্তন কৰিব বুলি শেহতীয়াকৈ কৰা ঘোষণাৰ পাছত তীব্ৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনকি কাৰ বিৰোধিতা কৰা দল – সংগঠন সমূহে ৰাজ্যজুৰি এই আইন প্ৰৱৰ্তনৰ বিৰুদ্ধে ৪ মাৰ্চৰ পৰা ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। আনহাতে সেই ঘোষণাৰ পাছতে অসম আৰক্ষীয়ে ২০১৯ চনৰ ডিচেম্বৰ মাহত কাৰ বিৰোধিতাৰ নামত যেনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল এইবাৰ তাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিছে। সেই সতৰ্কতা অনুসৰি অগ্নিকাণ্ডৰ দৰে ঘটনা ৰোধৰ বাবে পেট্রল পাম্পত গেলন বা বটলত ডিজেল বা পেট্ৰল দিয়া কাৰ্য কালিৰে পৰা বন্ধ কৰা হৈছে।
সমান্তৰালভাবে ৰাজপথত টায়াৰ জ্বলাই যাতে প্ৰতিবাদ কৰিব নোৱাৰে তাৰ বাবেও টায়াৰ মেৰামতি কৰা দোকান সমূহক তেওঁলোকৰ তাত জমা থকা বেয়া টায়াৰ সমুহ আতৰ কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে পেট্ৰল পাম্পত গেলন বা বটলত তেল দিয়া কাৰ্য বন্ধ হোৱাৰ পাছত অধিক সংকটত পৰিছে ৰাজ্যৰ কৃষক ৰাইজ। কিয়নো আজিকালি বেচিভাগ কৃষকে কৃষক ৰাইজে কৃষি কৰ্মৰ বাবে পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ব্যৱহাৰ কৰে। তেনেদৰে কৃষি কৰ্ম কৰা খেতিপথাৰ সমুহ দূৰত থকা বাবে সকলো কৃষকে গেলন বা বটল লৈ আহি পেট্ৰল পাম্পৰ পৰাই ডিজেল বা পেট্ৰল ক্ৰয় কৰি পাৱাৰ টিলাৰ বা ট্ৰেক্টৰত ব্যৱহাৰ কৰি আহিছে। কিন্তু এই নিষেধাজ্ঞাৰ ফলত কালিৰে পৰা কৃষক সকলে তেল ক্ৰয় কৰিব নোৱাৰাৰ বাবে কৃষি কৰ্ম সম্পন্ন কৰিব পৰা নোৱাৰাত খেতিৰ এই ভৰপক সময়ত কৃষক সকল ভীষণ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ৰাজ্যৰ আন প্ৰান্তৰটো বাদেই গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰৰ কাষৰীয়া ব্ৰহ্মপুত্ৰৰ মাজৰ ৰাণী চাপৰিত চাৰি শতাধিক কৃষকে কালিৰে পৰা পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আৰু পানী উত্তোলন কৰা মেছিন সমুহ চলাব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে।
এই সন্দৰ্ভত ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক অক্ষয় কলিতাই জানিবলৈ দিয়া মতে কালি বিয়লি আৰু আজি দিনৰ ভাগত চাপৰিৰ কাষৰীয়া ধাৰাপুৰ, গড়ল, কেন্দুকুচিত থকা চাৰিটাকৈ পেট্ৰোল পাম্পত আগৰ দৰে কৃষক সকল গেলন আৰু বটল লৈ তেল নিবলৈ আহিছিল যদিও পাম্পৰ কৰ্মচাৰীয়ে আৰক্ষীয়ে দিয়া নিষেধাজ্ঞাৰ বাবে আগৰ দৰে তেনেকৈ তেল দিয়া নহব বুলি উভতাই পঠাই। ফলত কালিৰে পৰা ব্যাহত হৈ আছে কৃষি কৰ্ম। এই সন্দৰ্ভত সমিতিয়ে কৃষি কৰ্ম অব্যাহত ৰখাৰ স্বাৰ্থত দৰকাৰ হলে স্থানীয় কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ জৰিয়তে পৰিচয় পত্ৰ প্ৰদান কৰি হলেও পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আৰু পানীৰ মেছিনত ব্যৱহাৰৰ বাবে পেট্ৰল পাম্পত তেল দিয়া ব্যৱস্থা বাহাল ৰাখিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।