এগৰাকী যুৱতীক অমানৱীয় নিৰ্যাতনৰ ভাইৰেল ভিডিঅ’ৰ আঁৰত থকা ৫ খলনায়কক গ্ৰেপ্তাৰ আৰক্ষীৰ। বেংগালুৰুৰ ৰামামুৰ্থী মহানগৰ আৰক্ষীয়ে ঘটনাটোত অভিযুক্ত ৫টা নৰপিশাচক গ্ৰেপ্তাৰ কৰে।
ভাইৰেল ভিডিঅ’টোৰ ভুক্তভোগী যুৱতীগৰাকী আৰু অভিযুক্ত পাষণ্ড কেইটা বাংলাদেশৰ নাগৰিক বুলি প্ৰমাণ পোৱা গৈছে।
আটাইকেইটা পাষণ্ড অবৈধভাৱে ভাৰতলৈ আহিছিল আৰু বেংগালুৰুত বাস কৰি আছিল।
আৰক্ষীৰ অনুসন্ধান অনুসৰি আটাইকেইটা নাৰী সৰবৰাহ কাৰ্যত জড়িত আছিল।
বেংগালুৰু আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ভুক্তভোগী যুৱতীগৰাকী সম্প্ৰতি অন্য এখন ৰাজ্যত আছে আৰু আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধান অব্যাহত ৰাখিছে।
ইফালে অভিযুক্ত আটাইকেইটাৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য বিগত দুদিন ধৰি ছচিয়েল মিডিয়াত এগৰাকী নিঃসহায় যুৱতীক যৌন আৰু শাৰীৰিক উৎপীড়ন চলোৱা এটা ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
ভাইৰেল ভিডিঅ’টোত থকা এজন যুৱক বাংলাদেশৰ বুলি চিনাক্ত হোৱাৰ পিছতে সকলো কথা পোহৰলৈ আহে।
আৰক্ষীয়ে জনোৱা অনুসৰি, এইটো এটা নাৰী সৰবৰাহকাৰী চক্ৰ।
এই চক্ৰটোৰ সৈতে জড়িত যুৱকে প্ৰেমৰ ফান্দত পেলাই বিদেশ ভ্ৰমণত ইচ্ছুক নাৰীক টোপ দি সৰবৰাহ কৰে।
ভাৰতীয় আৰক্ষী আৰু ইণ্টাৰপ’লৰ সহযোগত এই নৃশংস ঘটনাত জড়িত আটাইকেইটাকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
Photo: Twitter