দক্ষিণ বাংলাদেশৰ সুগন্ধা নদীত প্ৰায় ৮০০ যাত্ৰী কঢ়িয়াই নিয়া তিনিমহলীয়া এখন ফেৰীত জুই লগাৰ ফলত শুকুৰবাৰে পুৱতি নিশা কমেও ৪০ জন লোকৰ মৃত্যু হয় আৰু ১৫০ জনৰো অধিক লোক আহত হয়।
জিলা প্ৰশাসনৰ এজন বিষয়াই সাংবাদিকক কয়, “উদ্ধাৰ অভিযান এতিয়াও চলি আছে, হতাহতৰ প্ৰকৃত তথ্য বৰ্তমান অৱগত কৰিব নোৱাৰি।
৩১০ জন তালিকাভুক্ত যাত্ৰীয়ে ফেৰীখনত যাত্ৰা কৰিছিল যদিও প্ৰকৃত যাত্ৰীৰ সংখ্যা বহুত বেছি আছিল,” দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত জাহাজ পৰিবহনৰ কনিষ্ঠ মন্ত্ৰী খালেদ মাহমুদ চৌধুৰীয়ে জানিবলৈ দিয়ে।