সমগ্ৰ বিশ্বতে পুনৰ ক’ৰোনাই লৈ আহিছে দ্বিতীয়টো ঢৌ।
বাংলাদেশতো ক’ৰোনাৰ ঘটনা দিনক দিনে বৃদ্ধি হৈ গৈ আছে।
দেশত বহু সংখ্যক লোক পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে।
বাংলাদেশত নতুনকৈ ক’ৰোনা ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৬,৪৬৯।
যি বিগত বৰ্ষৰ মাৰ্চত ক’ৰোনা আৰম্ভ হোৱাৰ পিছৰে পৰা ২০২১ত এদিনত আটাইতকৈ অধিক সংখ্যা।
দেশত ক’ৰোনা সংক্ৰমিত লোকৰ মুঠ সংখ্যা হ’ল ৬,১৭,৭৬৪।
হাজাৰ লোকে হেৰুৱালে প্ৰাণ
ক’ৰোনাত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱালে। বিগত সময়ত তাত ক’ৰোনা মহামাৰী আউট অফ কণ্ট্ৰল হৈছে।
ক’ৰোনাৰ বেগ ৰোধ কৰিবলৈ বাংলাদেশৰ শ্বেখ হাছিনাৰ চৰকাৰে লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
৫ এপ্ৰিলৰ পৰা দেশখনত লকডাউন বলবৎ কৰা হ’ব।
Photo: Google