হাফ পেণ্টৰ বিতৰ্কই দেশ কঁপোৱাৰ পিছতেই এইবাৰ লুঙী পিন্ধি পৰীক্ষাত বহিল শিক্ষাৰ্থী। এই ঘটনা সংঘটিত হৈছে বালংলাদেশৰ দিনজপুৰৰ মহম্মদ দিনেশ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত। তিনিগৰাকী ছাত্ৰই লুঙী পিন্ধি পৰীক্ষা দিবলৈ যোৱাৰ কাৰণেই পৰীক্ষাহলৰ পৰা বহিষ্কাৰ কৰে।
যোৱা ৪ আগষ্টত অনলাইন প্লেটফৰ্ম জুমত পৰীক্ষা আৰম্ভ হৈছিল। সময়সূচী অনুসৰি, ২৭ ছেপ্তেম্বৰৰ দুপৰীয়া প্ৰায় ১২ বজাত ফুড এণ্ড প্ৰচেছ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ জেনেৰেল কেমিষ্ট্ৰী বিভাগৰ পৰীক্ষা আৰম্ভ হৈছিল। পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত ছাত্ৰকেইজনে কেমেৰাৰ এংগল ঠিক কৰি থাকোতে শিক্ষকে ছাত্ৰ কেইজনক লুঙি পিন্ধি থকা অৱস্থাত পৰিলক্ষিত হয়।
লগতে শিক্ষকগৰাকীয়ে কয় যে শিক্ষাৰ্থীকেইজনক লুঙী পিন্ধাৰ কথা সুধোতে তৰ্কতো লিপ্ত হৈছিল। ইয়াৰ পিছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তিনিওগৰাকী ছাত্ৰকে বহিষ্কাৰ কৰে।