নতুন বিত্তীয় বৰ্ষ ২০২২-২৩ আজিৰে পৰা অৰ্থাৎ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ল। সমগ্ৰ দেশতে বেংকসমূহ মাহটোৰ ১৫ দিন বন্ধ থাকিব। বেংকবোৰ আজিৰে পৰা একেৰাহে ৫ দিনৰ বাবে বন্ধ থাকিব অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈ বেংক বন্ধ থাকিব। অৱশ্যে, এই বন্ধবোৰ সকলো ৰাজ্যতে প্ৰযোজ্য নহয়।
ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে অলপতে এপ্ৰিল ২০২২ৰ বাবে বেংক বন্ধৰ তালিকা প্ৰকাশ কৰিছে। RBI ৰ অফিচিয়েল ৱেবছাইটত থকা বেঙ্ক বন্ধৰ তালিকা অনুসৰি দেওবাৰৰ বাহিৰে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংকবোৰ বন্ধ থাকে।
তলত উল্লেখ কৰা দিনকেইটাত বেংক বন্ধ থাকিব..
এপ্ৰিল ১ – বাৰ্ষিক অডিট, প্ৰায় সকলো ৰাজ্যৰ বেংক বন্ধ
এপ্ৰিল ২ – গুড়ি পদৱা/উগাদি উৎসৱ/নৱৰাত্ৰি/তেলেগু নৱবৰ্ষ/চাজিবু নংগাম্পাম্বা (চাৰোবা)-কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগানা, মণিপুৰ, ইম্ফল, জম্মু আৰু কাশ্মীৰ, গোৱাত বেংক বন্ধ
এপ্ৰিল ৩ – দেওবাৰ (সাপ্তাহিক বন্ধ)
এপ্ৰিল ৪ – চাৰিহুল – ঝাৰখণ্ডত বেংক বন্ধ
এপ্ৰিল ৫ – বাবু জগজীৱন ৰামৰ জন্মদিন – তেলেংগানাত বেংক বন্ধ
এপ্ৰিল ৯ – মাহৰ দ্বিতীয় শনিবাৰ
এপ্ৰিল ১০ – দেওবাৰ (সাপ্তাহিক বন্ধ)
এপ্ৰিল ১৪ – ড. বাবাচাহেব আম্বেদকাৰ জয়ন্তী/মহাবীৰ জয়ন্তী/বৈশাখী/তামিল নৱবৰ্ষ/চাৰোবা, বিজু উৎসৱ/বিহু– মেঘালয় আৰু হিমাচল প্ৰদেশৰ বাহিৰে আন ঠাইত বেংক বন্ধ
এপ্ৰিল ১৫ – গুড ফ্ৰাইডে/বঙালী আৰু অসমীয়া নৱবৰ্ষ/হিমাচল দিৱস/বিশু/ব’হাগ বিহু- ৰাজস্থান আৰু জম্মু-শ্ৰীনগৰৰ বাহিৰে আন ঠাইত বেংক বন্ধ
এপ্ৰিল ১৬ – ব’হাগ বিহু – অসমত বেংক বন্ধ
এপ্ৰিল ১৭ – দেওবাৰ (সাপ্তাহিক বন্ধ)
এপ্ৰিল ২১ – গাৰিয়া পূজা – ত্ৰিপুৰাত বেংক বন্ধ
এপ্ৰিল ২৩ – মাহৰ চতুৰ্থ শনিবাৰে (সাপ্তাহিক বন্ধ)
এপ্ৰিল ২৪ – দেওবাৰ (সাপ্তাহিক বন্ধ)
এপ্ৰিল ২৯ – জম্মু আৰু শ্ৰীনগৰত শ্বাব-ই-কাদৰ/জুমত-উল-ভিদা- বেংক বন্ধ