১০ বজাত নহয় আজিৰে পৰা পুৱা ৯বজাতে খুলিব বেংক। শেহতীয়াকৈ RBIয়ে সদৰি কৰিছে এই তথ্য। অৱশ্যে বেংক বন্ধ হোৱাৰ সময়ক লৈ কোনো সালসলনি কৰা হোৱা নাই। এতিয়াৰে পৰা বেংকৰ কাম-কাজ কৰিবলৈ গ্ৰাহকে লাভ কৰিব ১ঘন্টাৰ অধিক সময়।
উল্লেখ্য যে, ক’ভিডৰ সময়ত বেংক খোলাৰ সময় সালসলনি কৰা হৈছিল আৰু শেহতীয়াকৈ পৰিস্থিতি উন্নত হোৱাৰ বাবে RBIয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।