মাটি-বাৰীৰ সমস্যাৰ আছে নেকি? নিজৰ নামত নামজাৰি হ’লনে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা আপোনাৰ মাটি? এনেবোৰ সমস্যা সমাধানৰ বাবে এতিয়া ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মিছন বসুন্ধৰা। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মিছন বসুন্ধৰা পৰ্টেলৰ অধীনত সাঙুৰি লোৱা হ’ব সৰ্বমুঠ ৯টা সেৱা।
- উত্তৰাধিকাৰী সূত্ৰে নামজৰি
- দলিল সূত্ৰে নামজাৰি
- বিবাদমুক্ত বাটোৱাৰা
- একচনীয়া পট্টাৰ ম্যাদী পট্টাকৰণ
- মাটিৰ শ্ৰেণী পৰিৱৰ্তন
- ৰাজহ নথিৰ পৰা দখল, স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন
- আৱণ্টিত মাটিৰ ম্যাদী পট্টাকৰণ
- ভূমি নথিৰ সংশোধনী
- ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তকৰণ
ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ব্যয় হব প্ৰায় ২০৯.৮৪ কোটি টকা। আঁচনিখনৰ ৰূপায়নৰ সময়ত আন কেতবোৰ বিষয়ত গুৰুত্ব দিয়া হ’বঃ
- আঁচনিৰ ৰূপায়ণৰ সময়ত এ এল আৰ ১৮৮৬ৰ অধিনিয়ম ১২৬ আৰু ১৭৪ শিথিল কৰা হ’ব
- গ্ৰামাঞ্চলত একচনীয়া পট্টা ম্যাদীকৰণৰ ক্ষেত্ৰত কিস্তি ৰেহাইৰ ব্যৱস্থা
- সকলো ধৰণৰ ভূমি সম্পৰ্কীয় বিবাদ দূৰীকৰণৰ বাবে পৰৱৰ্তী বিধানসভা অধিৱেশনত নতুন আইন অনা হ’ব
- জৰীপৰ সা-সৰঞ্জাম সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হ’ব
- সকলো ৰাজহ চক্ৰত সকৰাকী জৰীপ সঞ্চালক আৰু জৰীপ দল থাকিব
গাঁও অঞ্চলত থকা একচনীয়া মাটি মাত্ৰ এটকাৰ বিনিময়তে ম্যাদী কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছে। মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ ৪ লাখ পৰিয়ালৰ একচনীয়া মাটিৰ পট্টা অতি সোনকালে ম্যাদী পট্টালৈ ৰূপান্তৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰিছে। কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, ৰাজ্যৰ বহু পৰিয়ালৰ পিতৃৰ নামৰ মাটি এতিয়াও পুত্ৰ বা কন্যাৰ নামত বদলি হোৱা নাই। তদুপৰি বহু পৰিয়ালৰ সমূহীয়া পট্টা আছে যদিও সেয়া বিভক্ত হোৱা নাই।
একেদৰে বহু একচনীয়া মাটিৰ দীৰ্ঘ দিনে ম্যাদী পট্টা দিয়া হোৱা নাই। সেয়ে জনসাধাৰণৰ এই সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰাৰ বাবে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা নামৰ এটা অভিযান আৰম্ভ কৰিছে বুলি ড০ শৰ্মাই সদৰী কৰিছে। এই অভিযানৰ অধীনত অহা ২ অক্টোবৰত এটা ডিজিটেল প’ৰ্টেল মুকলি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।