দিল্লীৰ আদালতে আৰক্ষী বিষয়া মোহন চন্দ্ৰ শৰ্মাক হত্যা আৰু ২০০৮ বটলা হাউছ সংঘৰ্ষৰ সৈতে জড়িত অপৰাধী আৰিজ খানক ফাঁচীৰ শাস্তি ঘোষণা কৰিছে।
অতিৰিক্ত সত্ৰ ন্যায়াধীশ সন্দীপ যাদৱে এই ৰায়দাান দিছে।
ছাকেট আদালতে ইয়াক বিৰলতকৈ বিৰল ঘটনা বুলি কৈছে।
আদালতে আৰিজৰ ওপৰত ১১ লাখ টকাৰ জৰিমণাও বিহিছে।
আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন ‘ইণ্ডিয়ান মুজাহিদ্দীন’ৰ সৈতে জড়িত খানক মৃত্যুৰ শাস্তি দিয়াৰ বাবে অনুৰোধ জনাইছিল।
আৰক্ষীয়ে ক’লে যে, এয়া কেৱল হত্যাৰ ঘটনাই নহয়, ন্যায়ৰ ৰক্ষা কৰা আইন প্ৰৱৰ্তন বিষয়াৰ হত্যাৰো ঘটনা।
আৰিজ খানৰ অধিবক্তাই মৃত্যুদণ্ডৰ বিৰোধিতা কৰে।
ইয়াৰ পিছত অতিৰিক্ত সত্ৰ ন্যায়াধীশ সন্দীপ যাদৱে সন্ধিয়া ৪ বজাৰ বাবে সিদ্ধান্ত সুৰক্ষিত কৰি ৰাখে।
উল্লেখ্য ২০০৮ত দিল্লীৰ জামিয়া নগৰ এলেকাত বটলা হাউছ সংঘৰ্ষৰ সময়ছোৱাত দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়া মোহন চন্দ্ৰ শৰ্মাৰ হত্যা কৰা হৈছিল।
Photo: Google