ঘূৰ্ণী বতাহ “বিপৰ্যয়ে” বিপৰ্যয় ঘটোৱাৰ আশংকা দেশত। ইতিমধ্যে আগন্তুক ২৪ ঘন্টাৰ বাবে সাৱধানবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। বৰ্তমান আৰৱ সাগৰৰ পৰা ভাৰত অভিমুখী “বিপৰ্যয়ে” আগন্তুক ২৪ ঘন্টাৰ ভিতৰত দেশখনৰ বিভিন্ন প্ৰান্তত ধ্বংসলীলা চলাব বুলিও জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।
১৪৫ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত অহা এই ঘূৰ্ণী বতাহে মূলত: কৰ্ণাটক, গোৱা আৰু মহাৰাষ্ট্ৰত পেলাব লগীয়া প্ৰভাৱৰ সম্পৰ্কে অহৰহ সতৰ্কবাণী তিনিওখন ৰাজ্যৰ চৰকাৰে দি অহাৰ ওপৰিও আগন্তুক সময়ছোৱাত মাছমৰীয়া সকলৰ বাবেও বহু নিষেধাজ্ঞা জাৰী কৰিছে। গুজৰাটৰো বহু সমুদ্ৰ তীৰ ১৪ জুন পৰ্যন্ত বন্ধ থাকিব ক্ৰমাৎ বৃদ্ধি পাই অহা অশান্ত ঢৌৰ প্ৰতি লক্ষ্য ৰাখি। উল্লেখ্য যে, ইতিমধ্যে তিনিওখন ৰাজ্যত মাছমৰীয়াসকলৰ বাবে আশ্ৰয়গৃহৰ ব্যৱস্থা কৰা হৈ গৈছে।