১ এপ্ৰিলৰ পৰা দিল্লীৰ ওচৰ কাষৰীয়া এলেকা নয়দা আৰু গাজিয়াবাদত সুৰাৰ দামত পৰিব প্ৰভাৱ।
কাৰণ ১ এপ্ৰিলৰ পৰা উত্তৰ প্ৰদেশত নতুন আৱকাৰী অধিৱেশন আৰম্ভ হ’ব।
নতুন আৱকাৰী অধিৱেশনত উত্তৰ প্ৰদেশত বিয়েৰ, দেশীয় আৰু বিলাতী সুৰাৰ দৰ নতুনকৈ ধাৰ্য কৰা হ’ব।
নতুন আৱকাৰী অধিৱেশন অনুসৰি ১ এপ্ৰিলৰ পৰা বিয়েৰ সুলভ মূল্যৰ হ’ব কিন্তু দেশীয় আৰু বিলাতী সুৰাৰ দাম বৃদ্ধি হ’ব।
১ এপ্ৰিলৰ পৰা সুৰাত বলবৎ কৰা হ’ব নতুন পলিচী
Economic Timeত প্ৰকাশ পোৱা বাতৰি অনুসৰি, ১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, দিল্লী-এনচিআৰ আৰু হাৰিয়ানাত নতুন নিয়মৰ আধাৰত সুৰা বিক্ৰী কৰা হ’ব।
দিল্লীত নতুন আৱকাৰী পলিচীৰ আধাৰত সুৰাৰ পুৰণি ষ্টক ৩ মাহৰ ভিতৰত শেষ কৰিব লাগিব।
কিন্তু দিল্লীত বৃদ্ধি নহ’ব সুৰাৰ দাম।
কিন্তু নয়দা আৰু গাজিয়াবাদত সুৰা ব্যয়বহুল হোৱা বাবে দিল্লীটো সুৰাৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা।
উত্তৰ প্ৰদেশত সুৰাৰ অনুজ্ঞাপত্ৰৰ মাচুল বৃদ্ধি
দৰাচলতে উত্তৰ প্ৰদেশৰ চৰকাৰে ১ এপ্ৰিলৰ পৰা বিদেশী সুৰা, স্কচ ৱাইন আৰু বোদকাৰ বাবে পাৰমিটৰ মাচুল বৃদ্ধি কৰিছে।
ইয়াৰ পিছত ৬০০ টকাতকৈ অধিক এক্স কাষ্টম বণ্ডৰ মূল্যৰ সুৰাৰো পাৰমিটৰ মাচুলো বৃদ্ধি কৰিছে।
উত্তৰ প্ৰদেশ চৰকাৰৰ এই নতুন পলিচীৰ পিছত আৱকাৰী বিভাগে ক’লে যে, ১ এপ্ৰিলৰ পৰা উত্তৰ প্ৰদেশত বিয়েৰৰ দাম হ্ৰাস পাব আৰু দেশীয়-বিলাতী সুৰাৰ দাম বৃদ্ধি হ’ব।
বিয়েৰৰ দাম কমিব
উত্তৰ প্ৰদেশত বিয়েৰৰ দাম ১০ টকাৰ পৰা আৰম্ভ কৰি ৩০ টকালৈ হ্ৰাস হোৱাৰ সম্ভাৱনা।
যদি বিয়েৰ এটা কেন ২০২১ৰ ৩১ মাৰ্চলৈ ১৩০ টকাত পাই আছিল তেন্তে ২০২১ৰ ১ এপ্ৰিলৰ পৰা এই কেনৰ মূল্য হ’ব ১১০ টকা।
ইফালে সুৰাৰ ২০০ মিলিলিটাৰ পেকত বাঢ়িব ৫ টকা।
অৰ্থাৎ ৮০ টকাত পোৱা এটা সুৰাৰ বটলত দিব লাগিব আৰু ৫ টকাকৈ অধিক।
Photo Credit: Google