বেলতলা ব’হাগী অনুষ্ঠান আয়োজক সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।
বৰ্দ্ধিত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বেলতলা ব’হাগী অনুষ্ঠান বাতিল কৰা হ’ল।
অহা ২৩,২৪ আৰু ২৫ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল এই বিহু অনুষ্ঠান।
কিন্তু চৰকাৰে দিয়া নীতি নিৰ্দেশনা অনুসৰি ১১টা বজাত অনুষ্ঠান শেষ কৰা সম্ভৱপৰ নহয় বুলি বাতিল কৰিলে বিহু অনুষ্ঠানটি।
উল্লেখ্য যে,এই বিহুত অনুষ্ঠানটিৰ নিমন্ত্রিত অতিথি আছিল জুবিন, শংকুৰাজ,পাপন ।
অনুষ্ঠান বাতিল হোৱা খবৰ পোৱাৰ লগে লগে অঞ্চলবাসীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
Photo Credit : Google