পশ্চিমবংগত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে হোৱা হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰে চাৰিজনীয়া পৰ্যবেক্ষকৰ দল পঠিয়াইছিল।
যাৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
মমতা বেনাৰ্জীয়ে জনাই যে পশ্চিমবংগত চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰা ২৪ ঘণ্টা হোৱা নাই আৰু বিজেপিয়ে পশ্চিমবংগলৈ মন্ত্ৰীসকলক পঠিয়াই আছে।
লগতে তেওঁ জনাই যে পশ্চিমবংগত বাহিৰৰ পৰা যিসকল লোক আহিব ,
সকলো লোকে আৰ টি পি চি আৰ টেষ্ট কৰাটো বাধ্যতামূলক হ’ব,এই ক্ষেত্ৰত কোনো ভেদাভেদ কৰা নহয়।
বিশেষ বিমানেৰে আহিলেও সকলোৰে বাবে একে নিয়ম প্ৰযোজ্য হ’ব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পশ্চিমবংগত সৃষ্টি কৰা হিংসাত্মক ঘটনাৰ পিছতে ৪ জনীয়া পৰ্যবেক্ষকৰ দল পঠিওয়াৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
Photo Credit: Google