মানুহ কিমান অবিবেচক- অজ্ঞানী হ’ব পাৰে? আপুনি কিমান অসচেতন মানুহ দেখিছে? আপুনি আজিলৈকে দেখা-শুনা বা জনা সকলো অবিবেচক-অজ্ঞানীতকৈ হেজাৰ গুণ অজ্ঞানী ব্যক্তি আছে টংলা পৌৰসভাত। আজি একবিংশ শতিকাত যেতিয়া মানুহ প্ৰকৃতি সংৰক্ষণক লৈ অতিকে সচেতন হৈ পৰিছে, যেতিয়া প্ৰকৃতি সংৰক্ষণ মানুহৰ প্ৰধান দায়িত্ব হিচাপে বিবেচিত হৈ পৰিছে, যেতিয়া আমাৰ অবিবেচক-প্ৰকৃতিবিৰোধী কাম-কাজৰ বাবে খোদ প্ৰকৃতি ৰাণীয়ে আমাক ক’ৰ’নাৰ দৰে মহামাৰীৰে দণ্ডিত কৰিছে সেই সময়ত টংলা পৌৰসভাই একেদিনাই হত্যা কৰিছে তিনি শতাধিক বগলী।
খবৰ অনুসৰি, বিগত কিছুদিন ধৰি টংলা চহৰৰ অন্তৰ্গত এক নং ৱাৰ্ডৰ বাসিন্দা লোকজিৎ সুতাৰৰ ঘৰৰ চৌহদৰ বাঁহ গছত প্ৰায় তিনি শতাধিক বগলীয়ে আশ্ৰয় লৈ আছিল।বগলীৰ এই বৃহৎ জাকটোৰ মাজৰ সৰহ সংখ্যকেই আছিল উৰন অক্ষম পোৱালী। সকলোবোৰ ঠিকেই চলিছিল। সুতাৰৰ পৰিয়ালে বগলীজাকক খাদ্যৰো যোগান ধৰিছিল। পিছে হঠাতে সিদিনা টংলা পৌৰসভাৰ কোনো বিষয়াৰ দৈৱ জ্ঞান লাভ হ’ল।লগে লগে ‘পণ্ডিত প্ৰৱৰ’ এই বিষয়াই সুতাৰৰ পৰিয়াললৈ জাননী জাৰি কৰিলে। অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতি, দেধাৰ বানান ভুল কৰি লিখা জাননীখনৰ জৰিয়তে সুতাৰক এয়াই বুজোৱা হ’ল যে – – – ‘তেওঁৰ ঘৰত আশ্ৰয় লৈ থকা বগলী জাকে পৰিৱেশ বিনষ্ট কৰিছে! আৰু ইয়াৰ ফলত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে! গতিকে অনতিবিলম্বে সুতাৰে গছ কাটিব লাগিব’! অৱশ্যেই বগলীৰ পৰা ক’ৰ’না বিয়পাৰ এই ব্ৰহ্মজ্ঞান টংলা পৌৰসভাক কোনে, কিদৰে দিলে সেয়া জনা নগ’ল।
যি নহওঁক, টংলা পৌৰসভা বগলী খেদি ক’ৰ’না নিৰাময় কৰাৰ হকে দৃঢ় প্ৰতিজ্ঞ আছিল। আৰু হয়তো সেইবাবেই দৌৰাদৌৰিকৈ বৃহস্পতিবাৰে সুতাৰৰ ঘৰত পৰিয়ালৰ কোনো লোক নথকা অৱস্থাত পৌৰসভাৰ লোক উপস্থিত হৈ এফালৰ পৰা বাঁহ গছবোৰ কাটি পেলায় । ফলত মৃত্যু হয় তিনি শতাধিক বগলীৰ।
ইতিমধ্যেই এই ঘটনাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।প্ৰখ্যাত পৰিৱেশ কৰ্মী সৌম্যদ্বীপ দত্তই টংলা পৌৰসভাৰ এই কাৰ্যক সম্পূৰ্ণ সংবিধান বিৰোধী তথা গৰ্হিত কাৰ্য বুলি অভিহিত কৰিছে।তেওঁ এই কাণ্ডৰ সৈতে জড়িত টংলা পৌৰসভাৰ বিষয়াসকলৰ বিৰুদ্ধে প্ৰশাসনে শীঘ্ৰেই শাস্তিমূলক ব্যৱস্থা ল’ব লাগে বুলি দাবী উত্থাপন কৰে।
উল্লেখ্য যে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ বিৰুদ্ধে ইতিমধ্যেই এক জনমত গঢ়ি উঠিছে। দোষী বিষয়া –কৰ্মচাৰীৰ শাস্তিৰ দাবীত চ’ছিয়েল মিডিয়াও উত্তাল হৈ আছে। এই কাণ্ডত জড়িত বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত থকা চৰকাৰখনৰ দায়বদ্ধতা সম্পৰ্কে ৰাইজক আশ্বস্ত কৰিব বুলি সকলোৱে আশাবাদী।