নতুন বছৰৰ আৰম্ভণিতে অসমবাসীৰ বাবে এক সু-খবৰ কঢ়িয়াই আনিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই। সংঘৰ প্ৰচেষ্টাত এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ধ হ’ব ভাগৱত। সংঘৰ গোলাঘাট জিলা শাখাই ইণ্টাৰনেটত মুকলি কৰিলে ভাগৱতৰ অনলাইন সংস্কৰণ। গোলাঘাট জিলাৰ ঢেকিয়ালৰ জিলা নামঘৰত এক আধ্যাত্মিক পৰিৱেশত এই ইণ্টাৰনেট সংস্কৰণ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই।
যিসকলে ভাগৱত অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে গুগলত VAGAWAT বুলি অনুসন্ধান কৰিলেই অতি সহজে অনলাইন মাধ্যমেৰে পঢ়িব পাৰিব সম্পূৰ্ণ অসমীয়া ভাগৱত। ইউনিক’ডৰ জৰিয়তে ৰূপায়িত কৰা হৈছে এই সম্পূৰ্ণ প্ৰক্ৰিয়া।
উল্লেখ্য যে পূৰ্বে হিন্দী আৰু ইংৰাজী ভাষাত ভাগৱতৰ কিছু কিছু অংশ ইণ্টাৰনেটত উপলব্ধ আছিল যদিও অসমীয়া ভাষাৰ কিয়দংশও ইণ্টাৰনেটত উপলব্ধ নাছিল। এতিয়াৰে পৰা এই অভাৱ দূৰ হ’ল। সহজতেই সকলোৱে ইচ্ছা কৰিলেই ভাগৱত অধ্যয়ন কৰিব পাৰিব।