ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰূপত সাঁতটা বৰ্ষ অতিক্ৰম কৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে এয়া কেতিয়াও কল্পনা কৰা নাছিল যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে তেওঁৰ সম্পৰ্ক এক অস্থিৰতাৰ পৰিবেশলৈ গতি কৰিব৷ প্ৰচাৰকৰ পৰা নেতা হোৱা মোদীয়ে সংঘৰ প্ৰধান দুটা উদ্দেশ্য- অযোধ্যাত ৰাম মন্দিৰ আৰু জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ কৰ্তন পূৰণ কৰিছে যদিও ক’ভিডৰ দ্বিতীয়টো লহৰত য’ত প্ৰায় ৪০,০০০ লোকৰ মৃত্যু হৈছে- এনে পৰিপ্ৰেক্ষিতত মোদীৰ শাসন আৰু সংঘৰ মাজত বিভাজন বাৰুকৈয়ে পৰিলক্ষিত হৈছে৷
সংঘৰ লোক বৰ্তমানে জনসাধাৰণক ৰক্ষা কৰাত ব্যস্ত থকাৰ বিপৰীতে চৰকাৰ আৰু ৰাজনৈতিক নেতৃত্বৰ উপস্থিতিৰ অভাৱে অস্থিৰতাৰ সৃষ্টি কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে এইবাৰ দেশবাসীক সম্বোধিত কৰিছে যদিও বিগত বৰ্ষৰ তুলনাত তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকল কেৱল ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ আছে৷ সংঘৰ এজন শীৰ্ষ নেতাই এইদৰে কৈছে, ‘‘ভাৰতত দ্বিতীয়টো লহৰ বিনাশকাৰী হিচাপে বিবেচিত হৈছে, য’ত ২০২০ চনৰ তুলনাত অধিক লোকৰ মৃত্যু হৈছে৷ সকলো চিন্তিত কিন্তু আলোচনা কৰাৰ বাবে কাৰো সময় নাই৷’’ সংঘৰ প্ৰধান মোহন ভাগৱতে এইদৰে কৈছে- কি জনতা, কি শাসন, কি প্ৰশাসন, সকলো ‘গফলত’হৈ গৈছে৷ প্ৰতিটো শব্দই জুখি-মাখি কোৱা ভাগৱত ‘গফলত’ শীৰ্ষক এই উৰ্দু শব্দৰ ব্যৱহাৰে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ‘গফলত’ৰ অৰ্থ হ’ল অসাৱধান৷
সংঘই জানে যে মোদী আৰু ‘কাম কৰা লোক’ৰ ব্যক্তিত্বৰ ৰূপত তেওঁৰ ছবি এতিয়াও ব্যাপক আৰু তেওঁৰ সাংস্কৃতিক তথা সামাজিক এজেণ্ডাক আগবঢ়াই নিয়াৰ বাবে ই এতিয়াও প্ৰভাৱশালী হৈ আছে৷ সেয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই ছবিখন বৰ্তাই ৰখাৰ বাবে ভাজপা আৰু সংঘ দুয়োটাৰ বাবে আৱশ্যক৷
এই ক্ষেত্ৰত মোহন ভাগৱতৰ মন্তব্যত প্ৰধানমন্ত্ৰী মোদীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও দুয়োৰে মাজত যে অস্থিৰতা বৃদ্ধি হৈছে সেয়া পৰিলক্ষিত হৈছে৷